Saturday, November 23, 2024

উপহাৰ কুপন খেল।

Share

গাড়ী ৩৫ খন

স্কুটী পৰা আৰম্ভ কৰি আৰ্টিকা লৈকে

ই ৰিক্সাৰ পৰা আৰম্ভ কৰি ট্ৰেক্টৰ লৈকে

এক লাখ টকাৰ পৰা বিশ লাখ টকা পৰ্যন্ত মূল্যৰ গাড়ী

শাৰী শাৰী গাড়ী ৰখাই থৈছে ৰাস্তাৰ কাষত

উপহাৰ কুপন খেল

স্বেচ্ছাসেৱী সংগঠন অৰিয়েণ্টেল ৰুৰেল ডেবলেপমেন্ট ছচাইটিয়ে এলানি আৰম্ভ কৰিছে এই খেলখন

আজি হয়বৰগাঁও ধিংৰোডত ইয়াৰ আনুষ্ঠানিক উদ্বোধন কৰে চিকিৎসক ডা: কামাল হাছানে

তদুপলক্ষে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত চছাইটিৰ সভাপতি শংকৰ দাস,উলামা কাউন্সিলৰ সভাপতি মৌলানা ৰফিকুল ইছলাম, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মোছাব্বিৰ আলী আহমেদ, নগাঁও এডিপি কলেজৰ ছাত্ৰ একতা সভাৰ তৰ্ক সম্পাদক আনোৱাৰুল ইছলাম, প্ৰতিদিন টাইমৰ বট্টদ্ৰবাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা, ঈশান নিউজৰ সাংবাদিক প্ৰাঞ্জল শইকীয়া, জনপ্ৰিয় কমেডিয়ান জহিৰুল ইছলাম,তৌফিক ,আব্বাছ আলী,ডিএ নিউজ প্লাচৰ সাংবাদিক মোস্তাফা কামালকে আদি কৰি হয়বৰগাঁও প্ৰেছ ক্লাবৰ কেবাজনো সাংবাদিক উপস্থিত থাকে।

শিক্ষানুষ্ঠান লগতে মানৱ সেৱা মুলক একাধিক অনুষ্ঠান প্ৰতিষ্ঠান সৃষ্টি কৰাৰ লক্ষ্যৰে স্বেচ্ছাসেৱী সংগঠনটোৱে মাত্ৰ ১০০/ টকা বৰঙণি হিচাপে সংগ্ৰহ কৰি ইয়াৰ বিনিময়ত সৰু ডাঙৰ মিলাই ৩৫ খন গাড়ী ৰাইজক উপহাৰ হিচাপে আগবঢ়াবলৈ মনস্থ কৰিছে

অহা ২২জুন তাৰিখে ইয়াৰ ফাইনেল খেল অনুষ্ঠিত হ’ব বুলি অৰিয়েণ্টেল ৰুৰেল ডেবলেপমেন্ট ছচাইটিৰ উপ-সভাপতি হুজ্জাতুল ইছলাম আৰু সম্পাদক চৰিফুজ্জামানে জনাইছে।

Read more

Local News